Local, Vocal, Global

Tragic Road Accident in Barpeta : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে স্কুটীক,থিতাতে নিহত তিনিজন

নিউজ ডেস্ক,৩০মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত তিনিজন স্কটী আৰোহী(Tragic Road Accident in Barpeta)।

বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে বৰপেটা ৰোডৰ জামতলত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিগৰাকীকৈ স্কটী আৰোহী। নতুন স্কুতিৰে নিজৰ পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহোতে সংঘটিত হয় এই দুৰ্ঘটনা। বালাভিঠাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।

জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে এখন স্কুটীখনক।ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ছাহজাহান আলী, আছমা খাতুন আৰু জেছমিন পাৰবিন ।নিহত আটাইকেইজন একেটা পৰিয়ালৰ কিশোৰ-কিশোৰী(Tragic Road Accident in Barpeta)।

নিহত লোককেইজনৰ ঘৰ বৰেটা ৰোডৰ সাতভনী টুপ গাঁৱত বুলি জানিব পৰা গৈছে। ইফালে এই দুৰ্ঘটনাত আহত হৈছে আন এটি শিশু। আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে বৰপেটা ৰোড হাস্পতালত।

লগতে পঢ়ক : Fake Gold And fake Currency Seized : ৰঙিয়া আৰক্ষীৰ জালত নকল সোণ আৰু জাল নোটসহ আটক ৫ ব্যৱসায়ী