Local, Vocal, Global

Tragic Road Accident in Andhra Pradesh : যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৭গৰাকী যাত্ৰী,আহত ৩০ গৰাকী

নেশ্যনেল ডেস্ক,১৪ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত ৭গৰাকীকৈ যাত্ৰী ।

অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। ফলত দুৰ্ঘটনাত ৭ গৰাকী লোক নিহত হোৱাৰ লগেত আহত হয় ৩০ গৰাকীকৈ লোক(7 killed as bus collides with truck in Andhra Pradesh) ।

জানিব পৰা মতে, ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ট্ৰাকৰ। বাংগালুৰু-তিৰুপতি ৰাষ্ট্ৰীয় ঘাইপথৰ মগিলী ঘাটত সংঘটিত হয় এই দুৰ্ঘটনাটো। তিৰুপতিৰ পৰা বাংগালুৰু অভিমুখে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন(Tragic Road Accident in Andhra Pradesh)।

এই ভয়ংকৰ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ। সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক :Legendary footballer Tochen Bora passes away : ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ টচেন বৰাৰ মৃত্যু