Local, Vocal, Global

Tragic Road Accident : বাঘবৰৰ সুখোৱাৰঝাৰত ভয়ংকৰ দুৰ্ঘটনা;কথমপি প্ৰাণ ৰক্ষা পৰিল JCB চালক

নিউজ ডেস্ক, ১৮ মাৰ্চ : বাঘবৰৰ সুখোৱাৰঝাৰত ভয়ংকৰ দূৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা পৰিল JCB চালকৰ । পথৰ দূৰৱস্থাৰ বাবেই দূৰ্ঘটনা হোৱাৰ অভিযোগ । বৰপেটাৰ জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰত ভয়ংকৰ JCB দূৰ্ঘটনা।

বাঘমাৰাৰ পৰা ভাতনাপাইতি অভিমুখে গৈ থকা অৱস্থাত সুখোৱাৰঝাৰত পথৰ দুৰৱস্থা আৰু পথৰ তলত সুৰংগ হৈ মাটি নহোৱাৰ বাবেই ৰাস্তা ভাঙি বাগৰি পৰে JCB আৰু ৰাইজে চালকক কোনোমতে ৰক্ষা কৰে(
Tragic Road Accident)।

উল্লেখযোগ্য যে সুখোৱাৰঝাৰৰ পৰা ভাতনাপাইতি এম ই মাদ্ৰাছা লৈ যোৱা এ এচ -01-273 পেকেজ নম্বৰৰ পথটো ৰাইজে বাৰে বাৰে মেৰামতি কৰাৰ দাবী জনোৱা সত্বেও ঠিকাদাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়া বাবেই পথৰ মাজত সুৰংগ সদৃশ গাতৰ সৃষ্টি হোৱাত মাজে সময়ে এনে দূৰ্ঘটনা হৈ আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

লগতে বিভাগীয় কতৃপক্ষক ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাস্তা মেৰামতি কৰি দিবলৈ দাবী জনাইছে(Tragic Road Accident)।

লগতে পঢ়ক : Terrible Brick quarry fight in Chapar : চাপৰৰ ইটাভাটাত ভয়ংকৰ মাৰপিট !