Tragic Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য; তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন
গহপুৰ, ১৭ মাৰ্চ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।
এইবাৰ গহপুৰত ডাম্পাৰৰ দৌৰাত্ম্যক। শনিবাৰে বিয়লি গহপুৰ অৰুণাচল সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বড়িগাৱৰ অভাৰ বিৰ্জৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন লগতে আহত হয় আন এজন । নিহত ব্যক্তিজন কড়াই গুৰিৰ প্ৰসেন বসুমতাৰী লগতে আহত ব্যক্তিজন ৰূপেন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত প্ৰসেন বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত ৰূপেন বসুমতাৰী নামৰলোকজনক তেজপুৰলৈ প্ৰেৰন কৰে আৰক্ষীয়ে।
উল্লেখ্য যে আৰক্ষীয়ে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন জব্দ কৰাৰ লগতে আটক কৰে ডাম্পাৰখনৰ চালকক।
লগতে পঢ়ক : Massive Fire Breaks Out at Bajali : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান