Tragic road accident: নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা ট্ৰাকৰ;নিহত এজন

ধেমাজি,১৯ফেব্ৰুৱাৰী : গোগামুখৰ পাচনিকেম্পত ভয়ংকৰ পথ দুৰ্ঘটনা।পুৱাই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্থ।দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাক চালক(Tragic road accident)।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে ট্ৰাকখনে। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ NL01 A 3438।
দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে গোগামুখ-গেৰুকামুখ সংযোগী পথ।
নিহত চালক জন বৰ্তমানেও ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ আছে। নিহত ট্ৰাক চালক জনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
লগতে পঢ়ক:WATCH | Jorhat News: যোৰহাট আৰক্ষীৰ নামত টকা লৈ আটক হ’ল দালাল