Tragic road accident: মৰ্মান্তিক! পৰীক্ষা দি ঘৰলৈ আহি নাপালে তেনজিং গয়াৰী
জামুগুৰিহাট, ১৭ফেব্ৰুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা। মেট্ৰিক পৰীক্ষা দি ঘৰলৈ উভতি অহাৰ সময়তে শোকাৱহ দুৰ্ঘটনা। পৰীক্ষা দি ঘৰলৈ আহি নাপালে তেনজিং গয়াৰী।
আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন ।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিনতে শালবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিদুৱাৰৰ অসম অৰুনাচল সীমান্তবৰ্তী শালবাৰীত মেট্ৰিক পৰীক্ষা দি ঘৰলৈ উভতনিৰ ভয়ংকৰ দুৰ্ঘটনা পতিত বাহন। দুৰ্ঘটনাত এজন ছাত্ৰ নিহত হোৱাৰ লগতে গুৰুতভাৱে আহত হয় আন দুজন ছাত্ৰ ৷
জানিব পৰা মতে, চাৰিদুৱাৰৰ চেঙেলিমাৰী পৰীক্ষা কেন্দ্ৰৰপৰা পৰীক্ষা দি ছাত্ৰকেইজন ভালুকপুঙৰ নিজৰ ঘৰলৈ AS-12-AF- 4023 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়৷ যাৰ ফলত থিতাতে নিহত হয় তেনজিং গয়াৰী নামৰ ছাত্ৰজন। লগতে ৰিন্দা বসুমতাৰী আৰু ৰিংছা নাৰ্জাৰী নামৰ ছাত্ৰ দুগৰাকী গুৰুতৰ ভাবে আহত হয় । আটাইকেইগৰাকী ছাত্ৰ ভালুকপুংৰ লালবাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে(Tragic road accident)৷
গুৰুতৰ ভাবে আহত ছাত্ৰ দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি চাৰিদুৱাৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ মেধাবী ছাত্ৰজনৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ চাঁ পেলাইছে ৷
লগতে পঢ়ক:Tragic incident : জল জীৱন আঁচনিত জলমিত্ৰ হিচাপে নিয়োজিত যুৱকৰ চৰমপন্থা