Local, Vocal, Global

Tragic Road Accident : বলেৰ’ পিকআপ ভানত খুন্দা যাত্ৰীবাহী আলট্ৰা বাছৰ

নিউজে ডেস্ক,২৭জুলাই : বলেৰ’ পিকআপ ভানত খুন্দা যাত্ৰীবাহী আলট্ৰা বাছৰ ।গুৰুতৰভাৱে আহত যাত্ৰী ।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কোনাৰচৰৰ জেলদুপাৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী আলট্ৰা বাছ(Tragic Road Accident) ।

জানিব পৰা মতে, একেদিশত গৈ থকা এখন বলেৰ’ পিকআপ ভানত প্ৰচণ্ড খুন্দা মাৰে এখন যাত্ৰীবাহী বাছে। ফলত পথৰ সমীপৰ দ পুখুৰীত বাগৰি পৰে বলেৰ’ পিকআপ ভানখন।

ইফালে যাত্ৰীবাহী বাহনখনে পিকআপ ভানখনত খুন্দিয়াই মানুহ এঘৰৰ দেৱালত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকী বাছ যাত্ৰী। আহত দুয়োগৰাকী যাত্ৰীক চিকিত্সালয়ত ভৰ্তি কৰাই স্থানীয় ৰাইজে।

কোনোমতে প্ৰাণ ৰক্ষা পৰে বাছত থকা আন যাত্ৰীসকলৰ। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ চালকজনৰ ঘটনাস্থলীৰ পৰা পলায়ন। হাটশিঙিমাৰীৰ পৰা গোৱালপাৰা অভিমুখী আছিল যাত্ৰীবাহী বাছখন(Tragic Road Accident)।

লগতে পঢ়ক : Woman Assaulted and Abducted: মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ঙ্কৰ ঘটনা