Tragic Road Accident : বলেৰ’ পিকআপ ভান দুৰ্ঘটনাগ্ৰস্ত;আহত ৩৫জনকৈ যাত্ৰী

নিউজ ডেস্ক,১১জুলাই : এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত আহত ৩৫জনকৈ যাত্ৰী ।
মানকাচৰৰ টানগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন বলেৰ’ পিকআপ ভান। মেঘালয়ৰ পুঠিমাৰীৰ পৰা বামুণপাৰালৈ বলেৰ’ পিকআপ ভেনখনত আহি আছিল প্ৰায় ৩৬ জনকৈ যাত্ৰী । সেই সময়তে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । ফলত গুৰুতৰভাৱে আহত হয় ৩৫জন যাত্ৰী(Tragic Road Accident) ।
অধিক যাত্ৰী কঢ়িয়াই অনাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাটশিঙিমাৰীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আহত লোকসকলক ৭ জনৰ অৱস্থা সংকটজনক হোৱা বাবে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ।
হাটশিঙিমাৰী জিলা চিকিৎসালয়ত খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Road Accident in Rangia : ৰঙিয়াত ট্ৰাকত খুন্দা তীব্ৰবেগী টেংকাৰৰ