Local, Vocal, Global

Tragic Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক,১১মে’ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।

এইবাৰ তামাৰহাটত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এজন।তামাৰহাটৰ হাতীধুৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । তীব্রবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হোৱা লোকজন নাটাবাৰী গাঁৱৰ শান্ত সাহা ওৰফে চুকা বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ। উত্তেজিত ৰাইজে জ্বলাই দিয়ে আন এখন ডাম্পাৰ । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় ডাম্পাৰখনৰ জুই।

দুৰ্ঘটনাক কেন্দ্র কৰি ঘটনাস্থলীত সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ।

লগতে পঢ়ক :Assam ACB arrest 2 PDD employee in bribery case : নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ