Local, Vocal, Global

Tragic Road Accident : দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৩ডিচেম্বৰ : অভিশপ্ত ৩ অক্টোবৰ । বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাই কপাঁইছে ৰাজ্যবাসীক । বনভোজলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত ।

বুধবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা শোকাবহ পথ দুৰ্ঘটনাই চকু টুকিছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷

ভয়ংকৰ দুৰ্ঘটনাত নিহত আৰু আহত হোৱা লোকসকলৰ বাবে সমগ্ৰ ৰাজ্যবাসীয়ে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

বালিজানত সংঘটিত হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এক্সৰ এটা পোষ্টৰ জড়িয়তে এই শোকৱহ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকল লৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে(Tragic Road Accident in Balijan) ৷

ইফালে শোকাবহ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও গভীৰ শোক প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে , ‘‘পুৱা দেৰগাঁৱত সংঘটিত কৰুণ পথ দুৰ্ঘটনাৰ খবৰটিয়ে ব্যথিত কৰিছে ৷ দুর্ঘটনাটোত অকালতে বিয়োগ হোৱা মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷ এই দুখৰ মুহূৰ্তত ভুক্তভোগী পৰিয়ালসমূহক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ এই কঠিন সময়ত স্থানীয় প্ৰশাসনে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে ৷’’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি কয়, ‘‘দেৰগাঁৱৰ বালিজানত সংঘটিত মর্মান্তিক পথ দুর্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যুৰ কৰুণ খবৰে আমাক ব্যথিত কৰিছে ৷ নিহতসকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷’’

লগতে পঢ়ক : Road Accident : বনভোজলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত; শিশুসহ নিহত ১২জন