শোকাৱহ… দুৰ্ঘটনাত পতিত মিনিবাছ
নিউজ ডেস্ক : জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ চাওজিয়ানত যাত্ৰী কঢ়িয়াই নিয়া এখন মিনিবাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলস্বৰূপে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।
বাতৰি অনুসৰি, বুধবাৰে পথ দুৰ্ঘটনাত কমেও ১১ জন লোক নিহত হোৱাৰ উপৰিও আন ২৫ জন লোক আঘাতপ্ৰাপ্ত হৈছে।
মাণ্ডি তহচিলদাৰ শ্বেহজাদ লতিফে জনায় যে, আহতলোকসকলক ততাতৈয়াকৈ মাণ্ডি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তেওঁলোকে বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।
দুৰ্ঘটনাটোত জড়িত মিনিবাছখন চাওজিয়ানৰ পৰা মাণ্ডি অভিমুখে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে।
ইফালে, ভাৰতীয় সেনাৰ সৈন্যসকলে বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে।