Local, Vocal, Global

Tragic incident in Tinisukia: অমৰিশ মিপুন নামৰ দুৰ্বৃত্তটোৰ আত্মসমৰ্পণ;অমৰিশ মিপুনে নাৱত উঠিব দিয়া নাছিল মনোজ পৰইয়াক

নিউজ ডেস্ক,২০নৱেম্বৰ: অমৰিশ মিপুন আত্মসমৰ্পণ। জোনাই থানাত আত্মসমৰ্পণ অমৰিশ মিপুনৰ।

তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত অমৰিশ মিপুন নামৰ দুৰ্বৃত্তটোৰ। আজি পুৱাই জোনাই থানাত আত্মসমৰ্পণ মানৱৰূপী দানৱ অমৰিশ মিপুনে। অধিক সোধা-পোছাৰ বাবে জোনাই আৰক্ষী থানাত ৰখা হৈছে অমৰিশ মিপুনক(Tragic incident in Tinisukia)।

উল্লেখ্য যে উল্লেখ্য় যে, দেওবাৰে আবেলি পানীতোলাৰ দিনজানত দেওবৰীয়া বজাৰ কৰিবলৈ আহিছিল সূদুৰ দধীয়া লাইকাৰ পৰা এখন নাৱত কেইবাগৰাকী যাত্ৰী। আবেলি বজাৰ কৰি ওভতি যোৱাৰ পথতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল এক নাও দুৰ্ঘটনা। দিনজান ঘাটৰ পৰা ওভতনি যাত্ৰাৰে এখন নাও আগুৱাইছিল দধীয়া লাইকা অভিমুখে। ১০ গৰাকী যাত্ৰীৰে ওভতনি যাত্ৰা কৰা নাৱখনে বোজা সহিব নোৱাৰি পানীত লাহে লাহে ডুব গৈছিল।

নদীৰ মাজত যাত্ৰী সকলে পানীত ডুব যাবলৈ ধৰাত ককবকাই আৰ্তনাদ কৰি চিঞৰিছিল। সেই সময়তে দৈনিক নদীয়ে দি অহা খৰি সংগ্ৰহ কৰি নিজৰ সৰু পৰিয়াটো চলাই নিয়া মনোজে পৰইয়াই এই দৃশ্য দেখি পানীত ককবকাই থকা ব্যক্তি কেইগৰাকীক বচাবলৈ জাঁপ দিলে নদীত। এটা এটাকৈ উদ্ধাৰ কৰিলে চাৰি গৰাকী ব্যক্তি।

সেয়ে যিখন নাঁৱৰে উদ্ধাৰ কৰিছিল পানীত ডুব যাবলৈ ধৰা ব্যক্তি কেইগৰাকী, সেইখন নাঁৱতে মনোজে নিজে উঠি নিজৰ প্ৰাণ বচাব বিচাৰিছিল। কিন্তু সেয়া হ’বলৈ নিদিলে দানৱৰূপী এগৰাকী যাত্ৰীয়ে। নাৱখনত বাৰে বাৰে মনোজে উঠিবলৈ চেষ্টা কৰোতে বাধা দিয়ে। পানীত ডুব যোৱা ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰা মনোজকে ভৰিৰে লথিয়াই লথিয়াই নাৱৰ পৰা নমাই দিলে।

অমৰিশ মিপুনে নাৱত উঠিব দিয়া নাছিল মনোজ পৰইয়াক। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল অমৰিশ মিপুন।

লগতে পঢ়ক:Road Accident in Dhakuakhana: প্ৰাতঃভ্ৰমণ কৰি ওভতাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত নিহত ব্লকৰ কংগ্ৰেছৰ উপ-সভাপতি