Tragic incident in Tinisukia: মনোজ পইৰয়াক বিচাৰি আজিও SDRF ৰ অভিযান অব্যাহত
নিউজ ডেস্ক,১৯নৱেম্বৰ : চাবুৱাৰ দিনজানত সংঘটিত নাও দূৰ্ঘটনাত নিখোজ হৈ থকা মনোজ পইৰয়াক বিচাৰি আজিও SDRF ৰ অভিযান অব্যাহত।
ডিব্ৰু নৈত নাওৰ পৰা পৰি যোৱা ব্যক্তি সকলৰ প্ৰাণ ৰক্ষা কৰা পইৰয়াক নাৱত উঠিবলৈ দিয়া হোৱা নাছিল বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছত আজি তিনিচুকীয়া আৰক্ষী তৎপৰ হৈ পৰিছে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে(Tragic incident in Tinisukia)।
মনোজে প্ৰাণ ৰক্ষা কৰা ব্যক্তি সকলেই মনোজক নাৱত উঠিবলৈ নিদিয়া বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছত এতিয়া দিনজাৰ সচেতন মহল জাঙৰ খাই উঠিছে।
পইৰয়াৰ দৰিদ্ৰ পৰিয়ালটোক এককালীন আৰ্থিক সাহায্য আৰু দোষীক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ব্যক্তি সকলে।