Local, Vocal, Global

Tragic incident in Tinisukia: মনোজ পইৰয়াক নাৱত উঠিবলৈ বাধা একাংশ যাত্ৰীৰ;ভৰিৰে লথিয়াই লথিয়াই ব্ৰহ্মপুত্ৰৰ বুকুত পেলাই দিলে মনোজ পইৰয়াক

নিউজ ডেস্ক,১৯নৱেম্বৰ : ডিব্ৰু নৈত নাওৰ পৰা পৰি যোৱা ব্যক্তি সকলৰ প্ৰাণ ৰক্ষা কৰা মনোজ প‌ইৰয়াক নাৱত উঠিবলৈ দিয়া হোৱা নাছিল বুলি উত্থাপিত হোৱাৰ অভিযোগ সত্য প্ৰমানিত ৷

গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা৷মনোজ পইৰয়াক নাৱত উঠিবলৈ বাধা একাংশ যাত্ৰীৰ৷ ভৰিৰে লথিয়াই লথিয়াই নাৱৰ পৰা নমাই দিছিল মনোজ পইৰয়াক৷ নিখোজ মনোজক বিচাৰি বৰ্তমানেও SDRFৰ অভিযান অব্যাহত(Tragic incident in Tinisukia)৷

উল্লেখ্য় যে, দেওবাৰে আবেলি পানীতোলাৰ দিনজানত দেওবৰীয়া বজাৰ কৰিবলৈ আহিছিল সূদুৰ দধীয়া লাইকাৰ পৰা এখন নাৱত কেইবাগৰাকী যাত্ৰী। আবেলি বজাৰ কৰি ওভতি যোৱাৰ পথতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল এক নাও দুৰ্ঘটনা। দিনজান ঘাটৰ পৰা ওভতনি যাত্ৰাৰে এখন নাও আগুৱাইছিল দধীয়া লাইকা অভিমুখে। ১০ গৰাকী যাত্ৰীৰে ওভতনি যাত্ৰা কৰা নাৱখনে বোজা সহিব নোৱাৰি পানীত লাহে লাহে ডুব গৈছিল।

নদীৰ মাজত যাত্ৰী সকলে পানীত ডুব যাবলৈ ধৰাত ককবকাই আৰ্তনাদ কৰি চিঞৰিছিল। সেই সময়তে দৈনিক নদীয়ে দি অহা খৰি সংগ্ৰহ কৰি নিজৰ সৰু পৰিয়াটো চলাই নিয়া মনোজে পৰইয়াই এই দৃশ্য দেখি পানীত ককবকাই থকা ব্যক্তি কেইগৰাকীক বচাবলৈ জাঁপ দিলে নদীত। এটা এটাকৈ উদ্ধাৰ কৰিলে চাৰি গৰাকী ব্যক্তি।

সেয়ে যিখন নাঁৱৰে উদ্ধাৰ কৰিছিল পানীত ডুব যাবলৈ ধৰা ব্যক্তি কেইগৰাকী, সেইখন নাঁৱতে মনোজে নিজে উঠি নিজৰ প্ৰাণ বচাব বিচাৰিছিল। কিন্তু সেয়া হ’বলৈ নিদিলে দানৱৰূপী এগৰাকী যাত্ৰীয়ে। নাৱখনত বাৰে বাৰে মনোজে উঠিবলৈ চেষ্টা কৰোতে বাধা দিয়ে। পানীত ডুব যোৱা ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰা মনোজকে ভৰিৰে লথিয়াই লথিয়াই নাৱৰ পৰা নমাই দিলে।

গাৰ নোম শিয়ৰি উঠা দৃশ্য ইততিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

লগতে পঢ়ক :Sensational Incident:গুৱাহাটী মহানগৰীৰ ভাস্কৰ নগৰত মহিলাক হানি-খুঁচি হত্যা