Tragic incident in Sivasagar : চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যু মহিলাৰ

নিউজ ডেস্ক,২৭জুলাই : শিৱসাগৰৰ আমগুৰি চাহ বাগিচাত অঘটন। চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ । নিহত মহলিগৰাকী গুণেশ্বৰী তাছা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,চলন্ত ট্ৰেক্টৰৰ পাছৰ চকাৰ তলত সোমাই মৃত্যু হয় মহিলাগৰাকীৰ (Tragic incident in Sivasagar)।
আমগুৰি চাহ বাগিচাৰ তলৰ লাইনত সংঘটিত এই ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰ AS04A7473।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । হালোৱাটিং আৰক্ষীয়ে ট্ৰেক্টৰখন জব্দ নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি। ঘটনাৰ তদন্তৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ।
লগতে পঢ়ক : Teenager died of electric shock : RSSৰ বৰ্গ কেম্পত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ১৭ বছৰীয়া কিশোৰৰ