Local, Vocal, Global

Tragic Incident in Kampur : কামপুৰৰ নৱনিৰ্মিত উৰনীয়া সেতুত অঘটন

কামপুৰ, ২১ ফেব্ৰুৱাৰী : পুৱাই কামপুৰৰ নৱনিৰ্মিত উৰনীয়া সেতুত অঘটন ৷ নিৰ্মিয়মান উৰনীয়া সেতুৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ ৷ কাম কৰিবলৈ ওপৰত উঠাৰ সময়তে খহি পৰে শ্ৰমিক জন ৷ ঠিকাদাৰৰ গাফিলতিতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ(Tragic Incident in Kampur) ৷

অভিযোগ অনুসৰি, ওপৰৰ প্লেটত ৱল্ডিং নকৰাৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ৷ নিহত শ্ৰমিক জনৰ ঘৰ মালদাত বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈ মৃত শ্ৰমিকজনৰ নাম জানিব পৰা নাই ৷ ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে মৃতদেহ লৈ উধাও সকলো শ্ৰমিকৰ ৷

লগতে পঢ়ক : Farmers’ protest : বিদ্ৰোহী কৃষকৰ দাবী মানি নল’লে আন্দোলন আৰু ভয়ংকৰ হোৱাৰ হুংকাৰ