Tragic incident in Kaliabor : ৰাজপথত দাও দাও কৈ জ্বলিল বাহন;নিহত এজন,আহত এজন
কলিয়াবৰ,২১অক্টোবৰ: এক ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথত দাও দাও কৈ জ্বলিল এখন renault Triber বাহন। দুৰ্ঘটনাত থিতাতে নিহত এজন,আহত এজন(Tragic incident in Kaliabor)।
কলিয়াবৰৰ মিছাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনটো।কলিয়াবৰৰ মিছাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা Renault Triber বাহনৰ। ডিভাইডাৰত খুন্দাৰ পিছতে দাও দাও কৈ জ্বলি উঠে বাহনখন।ফলত থিতাতে নিহত হয় এজন,আহত হয় এজন ।
জানিব পৰা মতে,দুৰ্ঘটনাগ্ৰস্ত বাহনখনেৰে দুজন যুৱক নগাঁৱৰ পৰা কলিয়াবৰ দিশলৈ গৈ আছিল।সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
লগতে পঢ়ক :Teen drowns in Simen Riverin in Silapathar : চিলাপথাৰৰ চিমেন নৈত ডুবি মৃত্যু কিশোৰৰ