Local, Vocal, Global

Tragic incident in Jorhat : যোৰহাটত সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লে ব্যৱসায়ীয়ে

যোৰহাট, ৭ ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত সুদখোৰৰ অতপালি । এফালে সুদখোৰৰ বিৰুদ্ধে কঠোৰ চৰকাৰ-প্ৰশাসন। আনফালে ৰাজ্যত চলিয়েই আছে একাংশ সুদখোৰৰ দৌৰাত্ম্য। পুনৰ সুদখোৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰমপন্থা বাচি ল’লে এজন ব্যৱসায়ীয়ে (Tragic incident in Jorhat)।

যোৰহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যোৰহাটত সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লে এজন ব্যৱসায়ীয়ে । সুদখোৰৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰিয়ে আত্মহননৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল কিশোৰ কুমাৰ বৰঠাকুৰ নামৰ এজন লোকে।

জানিব পৰা মতে, ব্যৱসায়ীজনৰ কুশল নগৰ ভাড়াঘৰলৈ সুদখোৰ আহি বিভিন্ন ভয়-ভাবুকি দি মানসিক অত্যাচাৰ চলোৱা অভিযোগ উত্থাপন কৰে পৰিয়াল লোকে । তাৰ ফলস্বৰূপে চোলাধৰাত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত আত্মহত্যা দৰে চৰম পন্থা গ্ৰহণ কৰে ব্যৱসায়ীজনে ।ব্যৱসায়ীজনৰ আত্মহত্যাৰ ঘটনাৰ পিচতে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক ।

উক্ত ঘটনাই যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সময় থাকোতে যদি এইসকল সুদখোৰৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে । এই ঘটনাৰ এক উচিত ন্য়ায় বিচাৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক :Tragic incident in Jamugurihat : ধৰ্মীয় গোড়ামিৰ বলি শিক্ষক দম্পতী; টেট শিক্ষকৰ পৰিয়ালক গাঁও এৰি যাবলৈ নিৰ্দেশ ব্ৰাক্ষ্মণ সমাজৰ