Local, Vocal, Global

Tragic incident in Jamugurihat : ধৰ্মীয় গোড়ামিৰ বলি শিক্ষক দম্পতী; টেট শিক্ষকৰ পৰিয়ালক গাঁও এৰি যাবলৈ নিৰ্দেশ ব্ৰাক্ষ্মণ সমাজৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : পুনৰ ধৰ্মীয় গোড়ামিৰ বলি শিক্ষক দম্পতী । টেট শিক্ষকৰ পৰিয়ালক গাঁও এৰি যাবলৈ নিৰ্দেশ ব্ৰাক্ষ্মণ সমাজৰ।

জামুগুৰিহাটত সংঘটিত হৈছে এই ঘটনাটো । জামুগুৰিহাটত ধৰ্মীয় গোড়ামিৰ বলি এটা পৰিয়াল। টেট শিক্ষক পলাশ শৰ্মাৰ নামৰ এজন লোকৰ পৰিয়ালক গাঁও এৰি যাবলৈ নিৰ্দেশ দিয়ে ছিলাবন্ধা ব্ৰাক্ষ্মণ সমাজৰ।

জানিব পৰা মতে, দূৰ সম্পৰ্কীয় ছোৱালী বিবাহেই কাল হ’ল পৰিয়ালটোৰ বাবে। বিগত ৫ বছৰে এঘৰীয়া কৰি ৰাখিছিল পৰিয়ালটোক। এতিয়া বৃদ্ধা মাতৃক অকলে এৰি গাঁও এৰাৰ সিদ্ধান্ত পলাশ শৰ্মাৰ। ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৌদ্ধিক মহলত( Tragic incident in Jamugurihat)।

উল্লেখ্য যে, জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱৰ টেট শিক্ষক পলাশ শৰ্মা তেওঁৰ পত্নী পূৱালী বৰঠাকুৰ সহ এটি কনমানি কন্যা সন্তানক গাওঁ এৰি আতৰি যাবলৈ নিৰ্দেশ ছিলাবন্ধা ব্ৰাহ্মণ সমাজৰ ৷ মাকৰ ফালৰ দূৰ সম্পৰ্কীয় ছোৱালী বিৱাহ কৰাই অনাৰ দোষতেই এই চৰম শাস্তি শিক্ষক দম্পতীক ৷ এই দোষৰ বাৱে বিগত পাচঁবছৰে পৰিয়ালটোক সমাজৰ পৰা এঘৰীয়া কৰি থৈছিল ছিলাবন্ধা ব্ৰাক্ষণ সমাজে ৷ টেট শিক্ষক পলাশ শৰ্মাই এতিয়া ৮০ বছৰীয়া ৰুগীয়া বৃদ্ধা মাতৃক অকলেই ঘৰত এৰি থৈ আতৰি যোৱাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

যি সময়ত মানুহে বিজ্ঞানৰ জখলাত বগাই ন ন গ্ৰহত মানুহ বাস কৰাৰ উপায় অৱলম্বনত ব্যস্ত ,সেই সময়ত মান্ধাতা যুগৰ ৰীতি নীতি তথা তালিৱানী শাসন সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছে বিভিন্নজনক ৷ব্ৰাক্ষণ সমাজৰ মূৰব্বী তথা শাস্ত্ৰীয়ে এই বিয়াৰ অনুমতি দিয়াৰ পাচত পুনৰ আন এখন সমাজৰ মূৰব্বীয়ে এই বিয়া মানি লব নোৱাৰো বুলি সামাজিক ভাৱে এঘৰীয়া কৰাই পৈতৃক ভূমি এৰি যাবলৈ বাধ্য কৰা ঘটনাই অঞ্চলটোৰ বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : Residence Of BJP Leader Vandalised : পৰকীয়া প্ৰেমৰ বাবেই বিজেপি নেতাৰ ঘৰত আক্ৰমণ যুৱকৰ !