Local, Vocal, Global

Watch | Tragic incident at Pavjan in Duliajan: দুলীয়াজানৰ পাভজানত শোকাৱহ ঘটনা

দুলীয়াজান: যোৱা ১৬ এপ্ৰিলত ২ নং পাভজান কঠালগুৰি স্থানীয় যুৱ মুটক্কা লহাৰ নিজৰ পোহনীয়া গৰু বিছাৰিৱ যোৱা সময়ত মেৰবিল নিচে কাষত অইল ইণ্ডীয়াৰ ১৫৪নং তৈলখাত পুখুৰীত পৰি শলীল সমাধি ঘটে।

তৈলখাতৰ কেমিকেল পেলোৱাৰ কাৰণে অইল ইণ্ডীয়া পুখুৰী খন্দা ব্যৱস্থা কৰিছিল। তৈল খনন কাৰ্য্য সমাপ্ত কৰি অইল ইণ্ডীয়া খান্দি থোৱা পুখুৰীৰ চাৰিওঁ ফালে বেৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যুৱক জনৰ মৃত্যু ঘটে।

উক্ত ঘটনাক কেন্দ্ৰীয় কৰি সদৌ অসম আদিবাসী ছাত্ৰ-সন্থা দুলীয়াজান আঞ্চলিক সমিতি অইলৰ বিৰুধে তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,-‘ এক মাত্ৰ অইল ইণ্ডীয়া গাফিলতিৰ বাবে এনে ঘটনা বাৰংবাৰ হৈ আহিছে বুলি (আছাৰ) অভিযোগ’ কৰে। অতি শীঘ্ৰে খান্দি থোৱা পুখুৰীত চাৰিফালে বেৰ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মৃত পৰিয়ালবৰ্গক এক কালিন সাহয্যৰ আৰু পৰিয়ালৰ ঘৰৰ যুৱক এজনক স্থাপন ব্যৱস্থা গ্ৰহণ কৰিৱলৈ দাবি জনাই।