Local, Vocal, Global

Tragic incident : বৰষুণৰ জমা হৈ থকা পানীত পৰি মৃত্যু কণমানি শিশুৰ

নিউজ ডেস্ক,২ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । বৰষুণৰ জমা হৈ থকা পানীত পৰি মৃত্যু কণমানি শিশুৰ ।

কাছাৰৰ লক্ষীপুৰত সংঘটিত হৈছে শোকাৱহ ঘটনা।লক্ষীপুৰ থানাৰ অন্তৰ্গত বাৰামামদা গাঁৱত ধাৰাষাৰ বৰষুণৰ ফলত জমা হোৱা পানীত পৰি মৃত্যু এগৰাকী কণমানি শিশুৰ।

জানিব পৰা মতে, শনিবাৰে নিশা অহা ধাৰাষাৰ বৰষুণৰ ফলত পথৰ কাষত থকা দ’ স্থানত পানী জমা হৈছিল আৰু জমা হোৱা পানীত পৰি মৃত্য়ু হয় ৮ বছৰীয়া কন্যা শিশুৰ। সন্ধিয়া শিশুটি আৰু তেওঁৰ ১০বছৰীয়া বায়েকৰ সৈতে দোকানৰ পৰা সামগ্ৰী কিনি ঘৰলৈ যোৱাৰ সময়ত হঠাতে পিছলি পানীত পৰি যায়(Tragic incident)।

পানীত পৰাৰ পিচতে স্থানীয় ৰাইজে সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে যদিও কণমানিৰ ঘটনাস্থলীতে মৃত্যু হয়।‌ পিচত সংকটজনক অৱস্থাত বায়েকক শিলচৰ চিকিৎসা মহা বিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কণমানি শিশুতিৰ মৃত্য়ুৰ পিছত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে(Tragic incident)।

লগতে পঢ়ক : Assam ADRE Admit Card 2024 Out: প্রকাশ পালে ADRE পৰীক্ষাৰ এডমিট কার্ড