Tragic incident : টেকেলী বান্দৰৰ আক্ৰমণত মৃত্যু মহিলাৰ
মৰাণ,১৯আগষ্ট : বান্দৰ খেদিবলৈ গৈ শোকাৱহ ঘটনা । টেকেলী বান্দৰে আক্ৰমণত মৃত্যু মহিলাৰ।
চৰাইদেউ জিলাৰ মৰাণৰ ককৰামৰা গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো ৷ মৰাণত বান্দৰ খেদিবলৈ গৈ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই ৷
জানিব পৰা মতে, ককৰামৰা নিবাসী মহম্মদ আলীৰ পত্নী চখিলা বেগমে দেওবাৰে বিয়লি ঘৰৰ বাৰীত অনিষ্ট কৰিবলৈ অহা বান্দৰ খেদিবলৈ গৈছিল । বান্দৰৰ জাকটোৱে বাৰীত থকা এটা টেকেলী কন্দোৰ বাঁহ ভাঙি থৈ যোৱাত মহিলাগৰাকীয়ে খেদিবলৈ যোৱাত চখিলা বেগম নামৰ ৫২ বছৰীয়া মহিলাগৰাকীক আক্ৰমণ কৰে টেকেলী কন্দোৰে ৷ মহিলাগৰাকীক ৰক্ষা কৰিবলৈ যাওঁতে পুত্ৰকো আক্ৰমণ কৰে(Tragic incident)৷
টেকেলী কন্দোৰ আক্ৰমণত সংজ্ঞাহীন হৈ পৰা মহিলা । লগে লগে মহিলাগৰাকীক প্ৰথমে মৰাণ মেডিকেল চেন্টাৰত ভৰ্তি কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCH-লৈ প্ৰেৰণ কৰে ৷ নিশা ডিব্ৰুগড়ৰ AMCH-লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীৰ মৃত্যু হয় ৷বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : Minor Girl Raped in Gelakey : ৯ বছৰীয়া কিশোৰী ধৰ্ষণ কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে