Local, Vocal, Global

WATCH | Tragic incident : যাত্ৰীবাহী অটো আৰু এখন এলট্ৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ

শিলচৰ,২৯মে’ : কালাইন-শিলচৰ পথত ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন।

কালাইন-শিলচৰ পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী অটো আৰু এখন এলট্ৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত গুৰুতৰভাৱে আহত হয় এজন।

বুধবাৰে নিশা বেলাকোনাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। এই ঘটনাত গুৰুতৰভাৱে আহত হয় বৰাখলাৰ ভাংগাৰপাৰৰ বাসিন্দা ফাখৰ উদ্দিন ওৰফে বাখাই(Tragic incident)।

যদিও গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক সোণাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, তথাপিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Barpeta News : চেঙা আদৰ্শ চিকিৎসালয়ৰ কৰ্মৰত চিকিৎক ডাঃ আয়ুব আলি আহেমদক আটক