WATCH | Tragic incident : এক ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্য়ু যুৱতীৰ
দেৰগাঁও,১৩এপ্ৰিল : ৰঙালী বিহুৰ দুটা দিনৰ পূৰ্বেই ঘৰখনলৈ নামি আহিল কাল অমানিশা । এটা পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পৰিয়ালটোৰ ২৬ বছৰীয়া যুৱতীৰ ।
শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱতি লয় নিলাক্ষী বৰা নামৰ এগৰাকী যুৱতীয়ে ।এজন যুৱকৰ সৈতে এখন স্কুটিত থকাৰ সময়তে নীলাক্ষিক মহতিয়াই নিছিল এখন আল্ট্ৰা বাছে।
ততাতৈয়াকৈ চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱতি লয় নিলাক্ষীয়ে । শনিবাৰে সন্ধিয়া দেৰগাঁৱৰ বালিদোৱাৰ গৃহলৈ লৈ যোৱা হয় নিলাক্ষীৰ মৃতদেহ ।
ইয়াৰ পিছতে সমগ্ৰ অঞ্চলজুৰি মাজত কান্দোনৰ ৰোল(Tragic incident)।
জানিব পৰা মতে, নিলাক্ষী কৰ্মৰত আছিল বংকোৱাল উপস্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে । সাংস্কৃতিক দিশতো পাৰ্গত আছিল নিলাক্ষী ।