WATCH | Tragic incident : নিজৰ দোকানৰ বাবে ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ অকাল মৃত্যু তিনি যুৱকৰ

মৈৰাবাৰী,২৭মাৰ্চ : নিজৰ দোকানৰ বাবে ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ অকাল মৃত্যু তিনি যুৱকৰ ।
সোণাপুৰৰ যোগদলত সংঘটিত হৈছে মৰ্মান্তিক দুৰ্ঘটনাটো।
গুৱাহাটী সোণাপুৰত পথ দুৰ্ঘটনাত মৈৰাবাৰীৰ তিনিজনকৈ যুৱকৰ অকাল মৃত্যু(Tragic incident)।
যুৱক তিনিজন ক্ৰমে একেটা পৰিয়ালৰ শ্বাকিল আহমেদ(১৭),মুষ্টাক আহমেদ(১৮)আৰু শ্বৰীফুল ইছলাম(২৬)।
মৈৰাবাৰীত মাত্ৰ কেইটামান দিন পূৰ্বে আৰম্ভ কৰিছিল দোকান।
যুৱক তিনিজনৰ এনে অকাল মৃত্যুই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।