Local, Vocal, Global

WATCH | Tragic incident: দলঙৰ কাম চাবলৈ গৈ নৈত পৰি মৃত্যু যুৱকৰ

কাছাৰ,২৪ফেব্ৰুৱাৰী : কাছাৰৰ ধলাই ভাগাত এক মৰ্মান্তিক দুৰ্ঘটনা। নিৰ্মীয়মাণ দলঙৰ কাম চাবলৈ গৈ দলঙৰ পৰা ভৰি পিছলি নৈত পৰি মৃত্যু যুৱকৰ ৷ মৃত যুৱকজনৰ নাম আনছাৰ হুছেইন।

জানিব পৰা মতে, যোৱা কেইদিন ধৰি ভাগা শেৰখান পথৰ ৰুকনী নৈৰ ওপৰত থকা দলঙৰ কাম চলি আছে । নিজ ঘৰৰ কাষতে থকা এই দলংৰ কাম চাবলৈ গৈ মৃত্যু মূখত পৰে অঞ্চলটোৰ আনছাৰ হুছেইন নামৰ যুবকজন(Tragic incident)৷

প্ৰত্যক্ষদৰ্শী সকলৰ মতে, যুৱকজনে কাম চাই থকাৰ সময়ত হঠাৎ অসাৱধানবশতঃ ভৰি পিছলি নৈত পৰি যায়। ফলত ঘটনাস্থলীত মৃত্যু হয় যুৱকজনৰ।স্থানীয় ৰাইজে ঘটনাৰ বাবে ঠিকাদাৰক দায়ী কৰিছে । ৰাইজৰ অভিযোগ দলঙখনৰ কাম চলি আছে ঠিকেই কিন্তু দলং খন সম্পূৰ্ণ উন্মুক্ত ৷ যাৰ ফলত যিকোনো দলঙখনত প্ৰবেশ কৰিব পাৰে । ঠিকাদাৰৰ গাফিলতিৰ বাবেই যুবকজনৰ মৃত্যু হৈছে বুলি অভিযোগ স্থানীয় লোকৰ।

লগতে পঢ়ক:WATCH | Sipajhar News: ছিপাঝাৰৰ শিঙিমাৰীত স্থাপন হোৱা কামাখ্যা বায়’ফুৱেলছ প্ৰাইভেট লিমিটেড কোম্পানীটোৱে সৃষ্টি কৰিছে প্ৰদূষণ