Local, Vocal, Global

মৰ্মান্তিক! উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

নিউজ ডেস্ক : উদ্ধাৰ হ’ল উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হোৱা দীপিকা হাজৰিকাৰ মৃতদেহ। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ড-২ শৃংগত ১৭,০০০ ফুট উচ্চতাত হোৱা প্ৰচণ্ড হিমস্খলনৰ ফলত সন্ধানহীন হোৱা ২৮ জন প্ৰশিক্ষাৰ্থীৰ ভিতৰত অন্যতম আছিল অসমৰ যুৱ পৰ্বতাৰোহী দীপিকা হাজৰিকা।

গুৱাহাটীৰ ৰাজগড় অঞ্চলৰ বাসিন্দা দীপশিখা হাজৰিকা যোৱা তিনিদিন ধৰি আন নজন সহ-পৰ্বতাৰোহীৰ সৈতে সন্ধানহীন হৈ আছিল।

প্ৰশিক্ষাৰ্থীসকল উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিংৰ৷ পৰ্বতাৰোহীসকলে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে শৃংগ আৰোহণ কৰিবলৈ গৈছিল৷ প্ৰশিক্ষকসকলৰ সৈতে উভতি আহি থকাৰ সময়তে ৪ অক্টোবৰত হিমস্খলনৰ কৱলত পৰিছিল৷

দুৰ্যোগস্থলীত এটা হেলিবৰ্ণ অপাৰেচন চলি আছিল, সম্প্ৰতি বেয়া বতৰৰ পৰিস্থিতিৰ বাবে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান। বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সেৱাটো পুনৰ আৰম্ভ হ’ব।

মৃতদেহটো ঘূৰাই আনিবলৈ উত্তৰাখণ্ডত উপস্থিত হৈছে দীপশিখাৰ দেউতাক আৰু ভায়েক। মৰণোত্তৰ পৰীক্ষাৰ পিছত অসমলৈ ঘূৰাই অনা হ’ব দীপশিখাৰ শৰীৰটো।

অৱশ্যে, আন তিনিটা মৃতদেহ বৰ্তমানেও উদ্ধাৰ হোৱা নাই।