Tragic Accidents in Teok : নিৰ্মিয়মান দলঙত খুন্দা মটৰ চাইকেলৰ,আহত চাইকেল আৰোহী

নিউজ ডেস্ক,২৯এপ্ৰিল : টীয়কত ভয়ংকৰ দুৰ্ঘটনা । দেওবাৰে নিশা : টীয়কৰ কাকজানত যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ দিশলৈ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত নিৰ্মিয়মান দলঙত খুন্দা মাৰি আহত হয় এজন যুৱক। আহত যুৱকজনক চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, দুৰ্ঘটনাত আহত যুৱকজন শিৱসাগৰ জিলাৰ বৰাহীৰ বুলি চিনাক্ত কৰা হৈছে(Tragic Accidents in Teok)।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত নিৰ্মাণ সংস্থাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি একাংশই অভিযোগ কৰে। পথৰ সাংকেতিক চিহ্ন নথকাৰ বাবে উক্ত স্থানত পূৰ্বতেও দুৰ্ঘটনা হোৱাৰ তথ্য পোৱা গৈছে(Tragic Accidents in Teok)।