Tragic Accident in Rangia : অচিনাক্ত বাহনৰ খুন্দা আহত বাইক আৰোহী

নিউজ ডেস্ক,১১মে’ : ৰাজ্যত পুনৰ হিট ৰানৰ ঘটনা। শনিবাৰে পুৱতি নিশা ৰঙিয়াৰ ২৭নং ঘাইপথৰ উদিয়ানাত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা।
জানিব পৰা মতে,দ্ৰুতবেগী অচিনাক্ত বাহনে খুন্দিয়াই যায় বাইকক।ফলত গুৰুতৰভাৱে আহত হয় দুজনকৈ বাইক আৰোহী । এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পলায়ন অচিনাক্ত বাহনখন(Tragic Accident in Rangia)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু গুৰুতৰভাৱে আহত হোৱা দুই বাইক আৰোহী দুজনক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল আৰু কিমান সময় ধৰি বাইক আৰোহী কেইজন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰ পৰি আছিল। শনিবাৰে পুৱতি নিশাহে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰে।বৰ্তমানলৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
একাংশৰ লোকৰ সন্দেহ অনুসৰি নলবাৰী অভিমুখী অচিনাক্ত বাহনে নলবাৰী অভিমুখী AS 25 X 4702 নম্বৰৰ পালচাৰ এন এছ বাইকখনক খুন্দিয়াই ।