Tragic Accidents in Marigaon : নিয়ন্ত্ৰণ হেৰুৱাই ইটা কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত;থিতাতে নিহত এজন
মৰিগাঁও,৩০এপ্ৰিল : নিয়ন্ত্ৰণ হেৰুৱাই ইটা কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত । থিতাতে নিহত এজন ।
মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰগাঁও লাঠৰিবৰিত ভয়ংকৰ পথ দুঘটনা । এখন ইটা কঢ়িয়াই অনা বাহন অভাৰলোড হৈ বাহনখন দুৰ্ঘটনা পতিত হয় ।ফলত থিতাতে নিহত হয় এজন ।
মৰিগাঁও জিলাত ক্ৰমাৎ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ইটা ভাটা । যাৰ বাবে সঘনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা । এইবাৰ মৰিগাঁও মিকিৰগাঁওত থকা 3star নামৰ এটা ইটাভাতাৰ গাফিলতিৰ বাবে মৃত্যুক সাৱটিলে এজন লোকে(Tragic Accidents in Marigaon) ।
ঘটনা বিৱৰণ অনুসৰি, এখন বাহনে ১০০০ ইটাৰ ঠাইত ১৫০০ ইটা কঢ়িয়াই আনিছিল । বাহনখনত আছিল চাৰিজন লোক । ইটা ভাটাৰ পৰা ইটা কঢ়িয়াই কিছু দূৰ যোৱাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে বাহনখন । যাৰ ফলত ইজাজুল হক নামৰ লোক এজন সোমাই পৰে গাড়ীখনৰ তলত ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত মিকিৰভেটা আৰক্ষী আৰু জালুগুটি আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক : Dead Body recovered in Jamugurihat : জামুগুৰিহাটত বাঁহৰ দলঙত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ