Local, Vocal, Global

Tragic Accident in Hatsingimari : দ্ৰুতবেগী পিকআপ বাহনৰ খুন্দাত নিহত মহিলা

হাটশিঙিমাৰী,১১মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত এগৰাকী মহিলা ।

হাটশিঙিমাৰীৰ ফেকামাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ফেকামাৰী সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accidents in Hatsingimari)

জানিব পৰা মতে, দ্ৰুতবেগী পিকআপ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই এগৰাকী মহিলাক ।ফলত থিতাতে থিতাতে নিহত হয় মহিলাগৰাকী ।

মৃত্যু হোৱা মহিলাগৰাকী ফেকামাৰী গাঁৱৰ শেপালী বেগম (৫৬) বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ মৃত্যুদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায়(Tragic Accidents in Hatsingimari) ।