Local, Vocal, Global

জম্মু-কাশ্মীৰৰ উধমপুত শোকাৱহ দুৰ্ঘটনা

নিউজ ডেক্স, ৮ জুলাই : জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা এখন বাছ গভীৰ খাৱৈত পৰি কমেও দুজন লোকৰ মৃত্যু হয় আৰু আন ৩৮ জন আহত হয়।

আনহাতে, দহজন আহতক উধমপুৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে, লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়ৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰে।

আহতসকলক প্ৰত্যেককে ৫০,০০০ টকা দিয়া হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে তেওঁলোকৰ চিকিৎসাৰ ব্যয় বহন কৰিব বুলি ঘোষণা কৰা হয়।