Tragic Accident in Sonapur : সোণাপুৰৰ কপালকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা ; নিহত এজন, আহত দুজন
সোণাপুৰ,২০মে’ : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন, আহত দুজন ।
সোণাপুৰৰ কপালকাটাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।
ঘটনাৰ বিৱৰণ অনুসৰি, সোণাপুৰৰ চামতাত গুৱাহাটীৰ পৰা নগাঁও অভিমুখী AS 01 FU 7408 নং’ৰ এখন বাজাজৰ বাইক আৰু চামতাৰ পৰা ভূল দিশেৰে আহি থকা AS 01 DA 9420 নং’ৰ এখন হোণ্ডা স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত আহত হয় বাইকখনৰ আৰোহী আৰু গুৰুতৰভাৱে আহত হয় স্কুটিখনৰ চালকজন। ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আহত স্কুটি আৰোহীজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আহত লোকজন চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে (Tragic Accident in Sonapur)।
উল্লেখযোগ্য যে বিগত বহু সময়ৰ পৰা এনেদৰে ভূল দিশেৰে বাহনসমূহ চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত বহুতো পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত নাকি লগাবলৈ সক্ষম হোৱা নাই সোণাপুৰ যান -বাহন আৰক্ষীয়ে। যাৰ ফলশ্ৰুতিত আজি পুনৰ এনে এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত সোণাপুৰ যান বাহন শাখা আৰক্ষীয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষ্যনীয়।