Local, Vocal, Global

Tragic Accident in Sivasagar : দ’ পিতনিত সোমাই পৰিল বাছ;নিহত এজন

নিউজ ডেস্ক,৮মে’ : ভয়ংকৰ দুৰ্ঘটনা ‘।দ’ পিতনিত সোমাই পৰিল যাত্ৰীবাহী বাছ(Tragic Accident in Sivasagar ) ।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ জাঁজীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । জাঁজী নন্দনবনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেল আৰু ষ্টাৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় এজন যুৱক । নিহত যুৱকজন তামুলীছিগাৰ বাস্তৱ গগৈ বুলি জানিব পৰা গৈছে ।

প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাটো সন্দৰ্ভত কয় যে AS-04-Z-4897 নম্বৰৰ মটৰ চাইকেলত অহা যুৱকজনে AS-05-C-5999 নম্বৰৰ কনকজ্যোতি নামৰ ষ্টাৰ বাছখনত খুন্দিৱাই । বাছখনে যুৱকজনক বচাবলৈ চেষ্টা কৰোতেই পথৰ কাষত থকা দ’ পিতনিত সোমাই পৰে । অৱশ্য়ে ৪০ জন যাত্ৰী থকা ষ্টাৰ বাছখনৰ আটাইকেইগৰাকী যাত্ৰীয়ে সৌভাগ্যক্ৰমে ৰক্ষা পৰে । এই ঘটনাৰ পিছতে গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।