Local, Vocal, Global

Tragic Accident in Karimganj : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰি পৰিল পথাৰত;আহত ২৫গৰাকী যাত্ৰী

কৰিমগঞ্জ, ৮মে’ : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰি পৰিল খেতিপথাৰত ।

কৰিমগঞ্জৰ আছিমগঞ্জ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । বুধবাৰে কৰিমগঞ্জৰ আছিমগঞ্জত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বাছ(Tragic Accidents in Karimganj) ।

জানিব পৰা মতে, যাত্ৰীবাহী বাছখন গৈ থকাৰ সময়তে আনিপুৰ আছিমগঞ্জ পথৰ পূৰ্বগুল এলেকাত নিয়ন্ত্ৰণ হেৰুৱাই খেতিপথাৰ বাগৰি পৰে। নিভিয়া বজাৰৰ পৰা কৰিমগঞ্জ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন । পিছে‌ পাথাৰকান্দি বাইপাছ পথ পোৱাৰ পূৰ্বে বাহনখন দুৰ্ঘটনাৰ কৱলত পৰে । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 11 BC 0176 বুলি জানিব পৰা গৈছে (Tragic Accidents in Karimganj)।

এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত আহত হয় ২৫গৰাকীৰো অধিক যাত্ৰী ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চালক গৰাকী মদ্যপান অৱস্থাত থকাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ।

লগতে পঢ়ক : Fire engulfs three shops : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি