Tragic Accident in Hailakandi : পুনৰ বনভোজকাৰী দল কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত; আহত ২৪জনকৈ লোক

হাইলাকান্দি, ১৬ জানুৱাৰী : আজি মাঘৰ প্ৰথমটো দিন । মাঘৰ প্ৰথমো দিনটো সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । পুনৰ বনভোজকাৰী দল কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত ।
মাঘৰ প্ৰথমটো দিনটোতেই হাইলাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident ) ।
জানিব পৰা মতে, হাইলাকান্দিৰ কাটাখালত বনভোজকাৰী দল কঢ়িয়াই নিয়া এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু এল্ট’গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰখন পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।ফলত ট্ৰেভেলাৰ খনত থকা ২৪ জনকৈ লোক আহত হয়। ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে(Road Accident in Hailakandi)।
ইফালে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোকসকলক ততাতৈয়াকো শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে(Hailakandi Tragic Accident) ।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনৰ নম্বৰৰ AS11 BC 2102।
ইতিমধ্যে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা স্থানত আৰক্ষী আৰু SDRFৰ দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বনভোজ খাবলৈ যোৱা ট্ৰেভেলাৰ খনত কিমান জন লোক আছিলে তাৰ বিষয়ে জানিবলৈ পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাৰ পাছতহে তথ্য জানিব পৰা যাব।
লগতে পঢ়ক : Road Accident : আজি পুনৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা