Tragic Accident in Gossaigaon : টাটা মেজিক আৰু কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৯জন

গোসাঁইগাঁও,১৩মে’ : ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত ৯জন । গোসাঁইগাঁৱৰ হাছৰাওবাৰিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ।
সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accident in Gossaigaon) ।
জানিব পৰা মতে, As-16-C- 3540 নম্বৰৰ টাটা মেজিক আৰু কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপৰ লগত মুখ-মুখি সংঘৰ্ষ হয় । ফলত দ্ৰুত বেগী বলেৰো পিকআপৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় ৯ জনকৈ লোক ।
আহতলোককেইজন ক্ৰমে অলম্বাৰ নাৰ্জাৰি (২৫),অনিৰুধন হাজোৱাৰি (১৭), ৰশ্মিতা নাৰ্জাৰি (০৮), জেক্সোন নাৰ্জাৰি (০২), মিঠুন নাৰ্জাৰি (৩৫),ৰশ্না বড়ো, মঞ্জিত ঈশোৱাৰি (৬০), দাংস্বৰাং বসুমতাৰী (০৪) বুলি চিনাক্ত কৰা হৈছে ।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে কাঠ ভৰ্তি নম্বৰ বিহীন বলেৰো পিকআপ বাহনখনৰ চালক জন ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত সাপকাটা আৰক্ষী উপস্থিত হয় আৰু আহত লোক সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি গোসাঁইগাওঁ আৰ,এন,বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।