WATCH | Tragic accident in Doboka: তীব্ৰেবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সাক
ডবকা,২৩ফেব্ৰুৱাৰী : ডবকাৰ বুঢ়িগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।
তীব্ৰেবেগী ডাম্পাৰে মহতিয়াই নিলে এখন ই ৰিক্সাক ।
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ই-ৰিক্সাৰ চালক(Tragic accident in Doboka)।
নিহত লোকজন ফয়জুল হক । ঘৰ বুঢ়িগাৱৰ কালাপানীত ।
জানিব পৰা মতে,এই ভযংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰ খনে নিয়ন্ত্ৰন হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি এঘৰৰ চৌহদত সোমাই পৰে।
সৌভাগ্যক্ৰমে সেই ঘৰৰ লোক সকল কথমপি প্ৰাণ ৰক্ষা পৰে ।
আনহাতে দুৰ্ঘটনা দুৰ্ঘটনা সংগঠিত কৰিয়েই ডাম্পাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সমীপৰ পৰা ওৰে নিশা এই ডাম্পাৰ খনে মাটি কঢ়িয়াই থকা অভিযোগ স্থানীয় ৰাইজৰ।
আনহাতে তীব্ৰবেগী ডাম্পাৰ সমূহ নিয়ন্ত্ৰন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ হোজাই জিলা প্ৰশাষণৰ ওচৰত দাবী স্থানীয় ৰাইজৰ ।
খবৰ অনুসৰি, ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ডবকা আৰক্ষী থানালৈ লৈ আনে ।