Tragic Accident in Charaideo : বাইক আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখী সংঘৰ্ষ;নিহত তিনি ছাত্ৰ

নিউজ ডেস্ক,২জুন : এক শোকাৱহ দুৰ্ঘটনা । নিহত তিনি ছাত্ৰ ।
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত গেছ কোম্পানী তিনিআলিত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা । শনিবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো(Tragic Accident in Charaideo)।
এখন বাইক আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখী সংঘৰ্ষ ফলত নিহত তিনি ছাত্ৰ ৷ নিহত হোৱা ৩ ছাত্ৰ অংগসৌষ্ঠৱ বৰগোহাঁই (১৬), দ্বীপ মূড়া(১৮) আৰু মানৱ বাউৰী বুলি জানিব পৰা গৈছে ৷
ইয়াৰে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মানৱ বাউৰী নামৰ ছাত্রগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷
এই শোকাৱহ ঘটনাৰ পিছতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : Road Accident in Nagarbera : চলন্ত মালবাহী ভানৰ ওপৰত পৰিল প্ৰকাণ্ড গছ;আহত চালক