Tragic Accident in Barpeta : শোকাৱহ দুৰ্ঘটনা ! ছাত্ৰ ভৰিৰ উপৰেদি উঠি গ’ল ট্ৰেক্টৰ

নিউজ ডেস্ক,১১মে’ : বৰপেটাৰ মন্দিয়া বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰেক্টৰৰ খুন্দাত আহত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ । ট্ৰেক্টৰৰ খুন্দাত ছাত্ৰজনৰ দুখনকৈ ভৰি ভাঙি যায় ।
আহত ছাত্ৰজন আগমন্দিয়া গাঁৱৰ শ্বহিদুল ইছলামৰ ১১বছৰীয়া সন্তান ছাজিদ ইছলাম বুলি জানিব পৰা গৈছে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় মন্দিয়া সমষ্টিৰ মন্দিয়া গাঁৱৰ ছোৱালী হাইস্কুলৰ সন্মুখত(Tragic Accident in Barpeta) ।
জানিব পৰা মতে, মন্দিয়া আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ স্বাজিত ইছলামে চাইকেল লৈ গৈ থকা অৱস্থাত তীব্ৰবেগী মাটি ভৰ্তি ট্ৰেক্টৰৰ খুন্দা মাৰে ফলত চাইকেলৰ পৰা বাগৰি পৰে ছাত্ৰজনে । ট্ৰেক্টৰখনৰ চকা ছাত্ৰজনৰ ভৰিৰ উপৰেদি উঠি যায় । ফলত এখন ভৰি ভাঙি যোৱাৰ লগতে আনখন ভৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । লগে লগে ছাত্ৰজনক এম্বুলেঞ্চৰ যোগেদি বৰপেটা ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজেলৈ লৈ যায় ।
ইফালে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : Food poisoning : বিবাহৰ অভ্যৰ্থনাৰ খাদ্য খাই বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন শিশুসহ ৫ গৰাকী মহিলা