বিহাৰত শোকাৱহ ঘটনা
নিউজ ডেস্ক, ৩ জুন : ৰাজ্যৰ লগতে সমগ্ৰ দেশতে বিভিন্ন ঠাইত অব্যাহত আছে প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ দৰে ঘটনাৰ।
মুষলধাৰ বৰষুণৰ মাজতে বিহাৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।
বিহাৰত মাত্ৰ ২৪ ঘন্টাতে বজ্ৰপাতৰ ফলত ১০ লোকে প্ৰাণ হেৰুৱাইছে।
আনহাতে,২৪ জুনতো বজ্ৰপাতৰ ফলত ১৬জন মৃত্যু হৈছিল
কেৱল বিহাৰৰ ছাৰান জিলাতে ৬জন লোকে প্রাণ হেৰুৱাইছে।
উল্লেখ্য যে, বজ্ৰপাতৰ ফলত এসপ্তাহতে ৰাজ্যখনত ২৬জনলোকে প্ৰাণ হেৰুৱাইছে।