Local, Vocal, Global

Traffic Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit : ২০ জানুৱাৰীৰ দিনটোৰ বাবে মহানগৰীত পথ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে

নিউজ ডেস্ক, ১৯ জানুৱাৰী : দুদিনীয়া ভ্রমণসূচীৰে অসমত গৃহমন্ত্রী অমিত শ্বাহ । শুকুৰবাৰে দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হয় গৃহমন্ত্রী অমিত শ্বাহ । ২০ জানুৱাৰীত অমিত শ্বাহে গুৱাহাটীৰ পাণবজাৰৰ সৌন্দর্যবর্ধন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ গ্রন্থ উন্মোচন কৰাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামত অসম আৰক্ষীৰ এক অনুষ্ঠানটো অংশগ্রহণ কৰিব(Guwahati Police Imposed Traffic Restrictions Ahead of Amit Shah’s Visit on Jan 20)।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণক লৈ গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে পথ নিৰ্দেশনা ।

২০ জানুৱাৰীৰ দিনটোৰ বাবে পথ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ।

নিৰ্দেশনা অনুসৰি, শনিবাৰে দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সকলো ধৰণৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে(Traffic Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit) ।

আনহাতে, এ এছ টি চি বাছ, চিটি বাছ, আন্তঃজিলা বাছবোৰ দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত নিয়ন্ত্ৰণত থাকিব । ই-ৰিক্সা, ঠেলা, ৰিক্সাকে ধৰি ধীৰ গতিৰ বাহন জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

আনহাতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সকলো ধৰণৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবেলি ৪ বজাৰ পৰা নিশা ৮ বজালৈ সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কিন্তু এম্বুলেন্স, স্কুল বাছ, জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম ।

লগতে পঢ়ক :BJP MLA Suman Haripriya compared Rahul Gandhi to an alien : ৰাহুল গান্ধীক কোন গ্ৰহৰ প্ৰাণী মই নাজানো – বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া