Traffic restrictions imposed for Vice President’s visit to Guwahati : দেশৰ উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্রমণক কেন্দ্ৰ কৰি যান-বাহন চলাচলৰ ক্ষেত্রত সালসলনি
নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : আজি অসমলৈ আহি দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । দেশৰ উপ-ৰাষ্ট্ৰপতি গৰাকীৰ গুৱাহাটী ভ্রমণক কেন্দ্ৰ কৰি যান-বাহন চলাচলৰ ক্ষেত্রত কিছু সালসলনি(Traffic restrictions imposed for Vice President’s visit to Guwahati) ।
মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে এই সন্দর্ভত জনোৱা মতে, চাৰিচকীয়া অথবা তাতকৈ গধুৰ বাণিজ্যিক বাহন মঙলবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, তৈয়বুল্লা ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ কৰা হ’ব(Traffic restrictions imposed for Vice President’s visit to Guwahati on Feb 13) ।
আনহাতে চিটিবাছ, পৰিবহণ নিগমৰ বাছ আৰু মন্থৰ গতিৰ যান-বাহন অৰ্থাৎ ৰিক্সা, ই-ৰিক্সা আদিৰ চলাচল ক্ষেত্ৰটো কিছু সালসলনি কৰা হ’ব বুলি আৰক্ষী সূত্রই জানিবলৈ দিয়ে ।
উল্লেখ্য যে,আজি কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । আবেলি ৪.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব(Assam police issues traffic advisory ahead of Vice President’s visit to Guwahati) ৷