Traffic Police Issues Special Guidelines For Durga Puja : মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নির্দেশনা

গুৱাহাটী, ৯ অক্টোবৰ: ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱ ৷দুর্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নির্দেশনা। দুর্গা পূজাৰ সময়ছোৱাত হ’বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে আজিৰে পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ বাবে কিছু নীতি-নির্দেশনা জাৰি কৰিছে(Traffic Police Issues Special Guidelines For Durga Puja)।
নিৰ্দেশনা অনুসৰি….
সামগ্রী কঢ়িওৱা গধুৰ যানবাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব ।
চিটীবাছৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি…
এই অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ’টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰ যাব পাৰিব ।
একেদৰে আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছৰ ক্ষেত্ৰতো মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব ।
পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী গাড়ীসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব ।
একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব ।
আনহাতে দূৰণিবটীয়া বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব ।
উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেটকুছিত ৰখাব লাগিব ।
একেদৰে তিনিওখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা যানবাহন আৰক্ষীয়ে আৰোপ কৰিছে । পূজাৰ কেইদিনত দিনৰ ২ বজাৰ পৰা নিশা ২ বজালৈ এই নিষেধাজ্ঞা বলবৎ হ’ব । এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাত বিভিন্ন স্থানত প্রবেশ নিষিদ্ধ এলেকা ঘোষণা কৰি হৈছে ।
পূজাৰ কেইদিনত জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ কোনো ধৰণৰ বাহনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বিভিন্ন স্থানত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে । বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে ।
ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ কৰা হৈছে । এ টি ৰোড আৰু দিনেশ গোস্বামী পথত কোনো ধৰণৰ যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে ।
ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ।
জালুকবাৰী এলেকাৰ ক্ষেত্ৰত জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী সামগ্রী কঢ়িওৱা গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । একেই নির্দেশনা পাণ্ডুঘাট পর্যন্তলৈ বাহাল থাকিব ।
আনহাতে দেবী বিসর্জনৰ দিনাখনো পাণবজাৰ, চানমাৰি, গীতানগৰ, নুনমাটি আৰু লতাশিল থানা এলেকাত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিধেযাজ্ঞা আৰোপ কৰিছে মহানগৰ আৰক্ষীয়ে।
লগতে পঢ়ক :Tiger Roams Freely in Chabua : চাবুৱাত কৰ্মৰত অৱস্থাত মহিলা শ্ৰমিকক বাঘৰ আক্ৰমণ