Local, Vocal, Global

WATCH | Traders and locals protest in Dhubri : ধুবুৰী চহৰত উত্তাল প্ৰতিবাদ ব্যৱসায়ী আৰু ৰাইজৰ

ধুবুৰী,১৩ মাৰ্চ : ধুবুৰী চহৰত উত্তাল প্ৰতিবাদ ব্যৱসায়ী আৰু ৰাইজৰ। কেইবাঘণ্টা ধৰি বন্ধ হৈ থাকিল বজাৰৰ দোকান পোহাৰ। বজাৰ বন্ধ কৰি ব্যৱসায়ী সকলৰ প্ৰতিবাদ ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে।

উল্লেখ্য যে, ঈদ আৰু হোলীৰ পূৰ্বে বজাৰৰ পদপথ মুক্ত কৰাৰ বাবে ধুবুৰী পৌৰসভাই উচ্ছেদৰ জাননী দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতি। পদপথৰ দোকানীক উচ্ছেদ কৰাৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী সকলক একাধিক নিয়মনীতি বান্ধি দিয়াক কেন্দ্ৰ কৰি ধুবুৰী বজাৰত উতপ্ত পৰিস্থিতি(Traders and locals protest in Dhubri)।

দৰাচলতে, ধুবুৰী চহৰত সঘনাই যান জঁটৰ সৃষ্টি হোৱাৰ ফলত পদপথৰ দোকান সমূহ উচ্ছেদৰ জাননী জাৰি কৰিছিল পৌৰসভাই। কিন্তু প্রকৃততে ধুবুৰী পৌৰসভাই যধে মধে হেজাৰ হেজাৰ ই-ৰিক্সা ধুবুৰী চহৰত চলাচলৰ অনুমতি দিয়াৰ ফলতেই চহৰ খনত সৃষ্টি হৈছে তীব্র যান জঁটৰ।

যাৰ ফলত ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে চহৰ খনৰ হেজাৰ হেজাৰ ব্যৱসায়ী। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা৷ আৰু সাময়িক ভাৱে উচ্ছেদ প্ৰক্ৰিয়া বন্ধ ৰাখি ঈদৰ পিছত সিদ্ধান্ত লোৱা হব বুলি দণ্ডাধীশে আশ্বাস দিয়াৰ পিছতহে নিয়ন্ত্ৰণ হয় পৰিস্থিতি।

লগতে পঢ়ক : WATCH | Assam Orunodoi Scheme 2025 : ধুবুৰীত ফলিমাৰীত অৰুণোদয় ৩.০ ত ব্যাপক অনিয়মৰ অভিযোগ