Local, Vocal, Global

Fire Accident : যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড;জীৱন্ত অগ্নিদগ্ধ এজন ব্যক্তি

নেশ্যনেল ডেস্ক, ৪ ডিচেম্বৰ : যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড । জীৱন্ত অগ্নিদগ্ধ এজন ব্যক্তি (Fire Accident)।

এক শোকাৱহ দুৰ্ঘটনা । তেলেংগানাৰ নালগোণ্ডা জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ৷ হায়দৰাবাদৰ পৰা চিৰালালৈ গৈ থকা এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ এজন ব্যক্তি হয় ৷ লগতে কথমপি প্ৰাণ ৰক্ষা পৰে অন্য ৩৮ গৰাকী লোকৰ ৷ জানিব পৰা মতে বাছখনত ৩৯ গৰাকী যাত্ৰী আছিল( Bus Burnt on Bypass Road) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এখন ব্যক্তিগত খণ্ডৰ বাছ হায়দৰাবাদৰ পৰা চিৰালালৈ গৈ আছিল তেনে সময়তে নালগোণ্ডা জিলাৰ মাৰিগুড়া বাইপাছ পাওঁতেই অতৰ্কিতে বাছখন দাও দাওকৈ জ্বলি উঠে৷

যাত্ৰীসকলে জুইৰ উমান পোৱাৰ পূৰ্বেই বাছখনত নিমিষতে জুইয়ে আৱৰি ধৰে ৷ লগে লগে বাছখনৰ পৰা চালক আৰু যাত্ৰীসকল ওলাই আহিবলৈ চেষ্টা কৰে ৷ কিন্তু বাছখন জুই ইমানে ভয়ংকৰ আছিল নিমিষতে বাছখন আগুৰি ধৰে আৰু বাছখনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় এজন যাত্ৰী ৷ যাত্ৰাৰ সময়ত বাছখনত ৩৯ জন লোক আছিল। অৱশ্যে, বাছখনত থকা যাত্ৰীসকলৰ কিমানজন আঘাতপ্ৰাপ্ত হৈছে সেয়া জানিব পৰা হোৱা নাই( They Burned a Person Alive Pipa ) ।

উল্লেখ্য যে, বাছখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটি হোৱাৰ লগে লগে স্থানীয় লোকে প্ৰত্যক্ষ কৰি বাছখনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু ঘটনা সম্পৰ্কে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে ।
এই ঘটনাৰ সম্পৰ্কে খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ কিন্তু তেতিয়ালৈকে বহু পলম হোৱাত বাছখন ইতিমধ্যে জ্বলি ভষ্মীভূত হয়(Pvt bus catches fires on way Nellore from Hyd) ৷

বৰ্তমানেও আৰক্ষীয়ে অগ্নিদগ্ধ হোৱা লোকজনৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

বাছখনৰ যাত্ৰীয়ে ঘটনা সন্দৰ্ভত কয় যে, “আমি সকলোৱে চালকজনক কৈছিলো যে বাছখনৰ পৰা ধোঁৱা ওলাইছিল। কিন্তু চালকজনে এই কথাক আওকান কৰি সকলোকে একো নহয় বুলি আশ্বাস দিছিল ৷ অলপ সময়ৰ পিচতে বাছখনত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ চালকজনে বাছখন ৰখাই সকলো যাত্ৰীক বাহিৰলৈ ওলাই যাবলৈ কৈছিল। লগে লগে সকলো যাত্ৰীয়ে কোনোমতে বাহিৰলৈ ওলাই আহি নিজৰ প্ৰাণৰক্ষা কৰিছিল ৷আমাৰ সকলো সামগ্ৰীসমূহ জ্বলি ছাই হৈ গ’ল । সৌভাগ্যক্ৰমে, দুৰ্ঘটনাটোৰ প্ৰায় ১০ মিনিটৰ পূৰ্বে বাছখন এখন ধাবাৰ ওচৰত ৰখাইছিল। গতিকে সকলো যাত্ৰী সাৰ পাই আছিল। অন্যথা, এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ল হয় ।”

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ অনুসন্ধান কৰিছে। মৃত লোকজনে টোপনিৰ পৰা সাৰ নোপোৱাত বাছৰ পৰা নামিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হ’বলগীয়া হয় বুলি সকলোৱে আশংকা কৰিছে ৷ দুৰ্ঘটনাটো শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : Mizoram Election Results : চৰকাৰ গঠন কৰিবলৈ গঠন কৰিবলৈ সাজু জেড পি এমে