Local, Vocal, Global

Toll tax : টোল টেক্স আৰু বেয়া দিন ON THE WAY অসমত

নিউজ ডেস্ক,১০অক্টোবৰ : টোল টেক্স আৰু বেয়া দিন ON THE WAY অসমত । বুজাত ছাগে দিকদাৰী হৈছে আপোনালোকৰ। ঠিক আছে বুজাই দিছো ।

গাড়ীৰ চকা ঘূৰিলেই লাগিব টোল টেক্স ! ঘাইপথেৰে গাড়ীখন লৈ ওলাই গ’লেই আপুনি ভৰিব লাগিব টোল টেক্স(Toll tax)।

টোল টেক্সৰ বাবে এতিয়া আপুনি চাৰিচকীয়া গাড়ীখন লৈ ওলাই যাবলৈও দহবাৰ ভাবিব লাগিব। ক’ৰবালৈ ওলাই গ’লে এতিয়া আপুনি পেট্ৰ’লৰ খৰচতকৈ অধিক ভৰিব লাগিব টোল টেক্স।

অভাৱনীয় হাৰত বৃদ্ধি পাইছে পৰিবহণ কৰ । জুন মাহত ৫ শতাংশ বৃদ্ধি কৰা হৈছিল টোল টেক্স ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথৰিটীয়ে সমগ্ৰ দেশতে ৫ শতাংশ টোল টেক্স বৃদ্ধি কৰিছিল ৩ জুনত। দিনক দিনে বৃদ্ধি পাইছে পৰিবহনৰ কৰ । টোল টেক্সৰ বোকা জনসাধাৰণৰ ওপৰত ঠিকেই দিয়ে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এতিয়াও যে শোচনীয় সেইয়া হে চকুত নপৰে। শোচনীয় ঘাইপথক লৈ এতিয়া জীয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজে।

অসমত প্ৰতি কিলোমিটাৰত কিমান টোল টেক্স ভৰিব লাগে জানেনে ?

যদিহে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত আপুনি গাড়ী চলায় তেন্তে প্ৰতি কিলোমিটাৰত টোল টেক্স দিব লাগিব প্ৰায় ২.৬৬ টকা। কাৰণ ৬০ কিলোমিটাৰ অতিক্ৰম কৰিলেই আপুনি পাব একোখনকৈ টোল গে’ট। কেৱল টোল টেক্সে নহয়। গাড়ী এখন কিনাৰ আগতে আপুনি আগতীয়া কৈ ১৫ বছৰৰ ৰোড টেক্স আৰু পঞ্জীয়ন মাচুল ভৰিবলগীয়া হয়। ইয়াৰ উপৰি পেট্ৰ’ল, এক্সাইজ ডিউটি আদিৰ কৰ পৃথকে আছে। কিন্তু ইমানবোৰ কৰ দিয়াৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথেৰে আপুনি শান্তিত গাড়ী চলাব পাৰিছেনে। আপুনি কমেন্টত জনাওক ।অসমত বৰ্তমান আছে ৯খন টোল গে’ট। শেহতীয়াকৈ অসমত আৰু কেইবাখনো টোল গে’ট নিৰ্মাণৰ কাম চলি আছে।টোল গে’টকেইখন সম্পূৰ্ণ হৈ উঠাৰ পিছত আন এক মূৰৰ কামোৰণি হৈ পৰিব সাধাৰণ জনতাৰ বাবে। কাৰণ প্ৰতি ঘণ্টাৰ মূৰে মূৰে আপুনি টোল প্লাজাত ভৰিব লাগিব টোল টেক্স।

লগতে পঢ়ক :Mahasaptami 2024: আজি মহাসপ্তমী