আজি মাজুলীৰ উপ-নিৰ্বাচনৰ ভোটযুদ্ধ-আৰম্ভ হ’ল ভোটদান প্ৰক্ৰিয়া
নিউজ ডেস্ক,৭ মাৰ্চঃ সোমবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে মাজুলী ভোটগ্ৰহণ। মাজুলীৰ মুঠ ২০৩টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১,৩৩,২২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৬৭,৮১৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৬৫,৪০৮ গৰাকী। জিলাখনত ছাৰ্ভিছ ভোটাৰ সংখ্যা হৈছে ৪০০ গৰাকী। আনহাতে জিলাখনত ৭গৰাকী ডি ভোটাৰো আছে। এইবাৰ নিৰ্বাচনত ভোট কেন্দ্ৰসমূহ ৩৩ টা ছেক্টৰত বিভক্ত কৰি ৮গৰাকী জ’নেল বিষয়া নিযুক্তি দিয়া হৈছে। ইতিমধ্যে পি ডব্লিউ ডিৰ মুঠ ৬৯৮ গৰাকী আৰু ৮০ৰ ঊৰ্ধৰ ৮৮৮ গৰাকী লোকৰ পৰা প’ষ্টেল ভোট সংগ্ৰহ কৰা হৈছে।
উল্লেখ্য যে, ভোটপ্ৰদান কৰিবলৈ যাঁওতে মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলিব লাগিব। ভোটগ্ৰহণ কেন্দ্ৰত ছেনিটাইজেশ্যন কৰাৰ ব্যৱস্থা কৰিছে।
