আজি বিশ্ব বন্যপ্ৰাণী দিৱস !
ডিজিটেল ডেস্ক:- আজি বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতি বছৰে ৩ মাৰ্চৰ দিনটোত বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়।১৯৭৩ চনৰ পৰা প্ৰতি বছৰে ৩ মাৰ্চ দিনটোত পালন কৰি অহা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে।convention on international Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়।
বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ তাৎপৰ্য হৈছে উদ্বেগৰ বিষয়বোৰৰ ওপৰত জনসাধাৰণক শিক্ষিত কৰা।বন্যপ্ৰাণীৰ সমস্যা সম্পৰ্কীয়া গোলকীয় সমস্যা সমাধানা বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সফলতা উদযাপন আৰু শক্তিশালী কৰা।
চলিত বৰ্ষত CITES নামৰ অনুষ্ঠানটোৱে ৫০ বছৰত ভৰি দিছে।আৰু এই বৰ্ষৰ বন্যপ্ৰাণী দিৱসৰ থিম Partnership for Wildlife Conservation লোৱা হৈছে।
বন্যপ্ৰাণী সংৰক্ষণত ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্ট লোৱাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণত ক্ষেত্ৰত বিশ্ব দৰবাৰত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।যাৰবাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত কাজিৰঙাই এক বিশেষ স্থান দখল কৰিছে।