আজি ৩০ অক্টোবৰ! এটা অভিশপ্ত দিনে আজি পাৰ কৰিলে ১৪টা বছৰ…
নিউজ ডেস্কঃ ২০০৮ চনৰ ৩০ অক্টোবৰ! সেই দিনটোতে ৰাজ্যজুৰি নামি আহিছিল ভয়ংকৰ বিভীষিকা। বুকু উদং হৈছিল অনেক মাতৃৰ, স্বামীহাৰা, পিতৃহাৰা হৈছিল বহু জন।
ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে আতংকিত কৰি তুলিছিল ৰাজ্যবাসীক।
আজি সেই বিভীষিকাই অতিক্ৰম কৰিলে সম্পূৰ্ণ ১৪টা বছৰ। আজি ৩০ অক্টোবৰ।
উল্লেখ্য যে, ২০০৮ৰ ৩০ অক্টোবৰৰ দিনটোত মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীৰ লগতে বিস্ফোৰণ সংঘটিত হৈছিল বঙাইগাঁও, বৰপেটা আৰু কোকৰাঝাৰতো।
ধাৰাবাহিকভাৱে সংঘটিত এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনকৈ লোকে। বিস্ফোৰণত আহত হৈছিল ৪৭০ জন।
সেই বিস্ফোৰণতে চিৰ দিনৰ বাবে ঘূণীয়া হৈ আজিও দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে বহু জনে।
এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এনডিএফবিৰ ৰঞ্জন দৈমাৰী।
বিস্ফোৰণ কাণ্ডৰ প্ৰায় ১০ বছৰ পিছত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ৰঞ্জন দৈমাৰীৰ লগতে ১৫ জনক।
বৰ্তমানো কাৰাগাৰত কাৰাবন্দী হৈ আছে এই ক’লা দিনটো মাতি অনা আটাইকেইজন দোষী।
কিন্তু আজিও যেন অসমীয়াৰ মনত কেঁচা ঘাঁৰ দৰেই সতেজ হৈ আছে ১৪ বছৰ পূৰ্বে সংঘটিত হোৱা ক’লা দিনটোৰ দুঃস্মৃতি।